Posts

শিৱসাগৰ

Image
শিৱসাগৰ   অসম ৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীতিচিহ্নৰে নগৰ তথা সমগ্ৰ  শিৱসাগৰ জিলা তে আছে।                             শিৱসাগৰ নামটো নগৰখনত থকা   শিৱসাগৰ পুখুৰী ৰ পৰাই উৎপত্তি হৈছে। স্বৰ্গদেও  ৰুদ্ৰসিংহ ৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ শিৱসিংহ  ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী।  ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। সন্তান প্ৰসবৰ সময়ত ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যু হয়। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ ব...